August 11, 2026 1:29 PM
10
ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব
ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৫ মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লৈ ড০ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৭ চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেন'ৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পার্কিঙৰ সা-সুবিধা আদ...