দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫ খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ ১৫খন জিলাও আছে। লগতে ৰাজ্যৰ ২৪ খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে।
লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্য মন্ত্রী কীর্তি বর্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে।
দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। ৰাজ্যৰ ১১ খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হৈ আহিছে বুলি কেন্দ্রীয় মন্ত্রী সিঙে কালি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কালি প্ৰকাশ কৰা মতে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জিলা পৰ্যায়ত জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হ‘ব পৰা বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰা বুলি উল্লেখ কৰে।
আনহাতে কেন্দ্ৰীয় চৰকাৰে চলোৱা সমীক্ষাত অসমৰ বান আৰু খৰাং পৰিস্থিতিৰ ভয়াৱহ ছবিও উন্মোচিত হৈছে। ৰাজ্যখনৰ ২৪ খন জিলা অতি উচ্চ বান আৰু খৰাং পীড়িত পৰিবেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি ১১ খন জিলা বান আৰু খৰাং দুয়োটা বিপদৰ সন্মুখীন হোৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই তালিকাত চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু গোলাঘাট জিলাও আছে।
ইফালে জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰীয় অভিযোজন পুঁজিৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি ২৪ দশমিক ৫-৭ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলত ৰূপায়িত এই প্ৰকল্পৰ জৰিয়তে নিৰ্বাচিত বিল-জলাশয় পুনৰুজ্জীৱিত কৰা, পানী ধাৰণ ক্ষমতা বৃদ্ধি আৰু পৰিৱেশ তন্ত্ৰৰ বহনক্ষমতা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে।