August 12, 2026 11:36 AM

views 32

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত অসমৰ ১৫খন জিলা

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫ খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ ১৫খন জিলাও আছে। লগতে ৰাজ্যৰ ২৪ খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্য মন্ত্রী কীর্তি বর্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত...