৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ পুৱা ৯ বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। এইবাৰ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অসম আৰক্ষী, বীৰাংগনা, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফ, বি এছ এফ, জি আৰ পি, এন চি চি আৰু ডগ্ স্কোৱাডকে ধৰি ২৫টা দলে অংশগ্রহণ কৰিব। ত্ৰিপুৰা আৰক্ষীৰ এটা দলেও পেৰেডত অংশ ল’ব।
Assamese | August 12, 2026 7:50 PM | 80 independence day assam
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি