ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনএছএছৰ তত্ত্বাৱধানত আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগিতাত “বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী ২০২৬ অন্তৰ্গত নিচামুক্ত যুৱবিকশিত ভাৰত ‘ শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়।
ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ এনএছএছ স্নাতকোত্তৰ মহলাৰ স্বেচ্ছাসেৱকসকলৰ লগতে মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ জৰিয়তে এখন নিচামুক্ত আৰু সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যুৱ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে যুৱপ্ৰজন্মক সকলোধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকি এখন সবল সমাজ নিৰ্মাণত সক্রিয়ভাৱে অৰিহণা যোগাবলৈ আহ্বান জনোৱা হয়।