অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে শিক্ষার্থীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিষদৰ সচিব নৰ নাৰায়ণ নাথে পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব। এনে প্ৰেক্ষাপটত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বেংক একাউন্ট খোলাটো যাতে নিশ্চিত হয়, তাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰববীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনোৱা হৈছে।
Assamese | August 12, 2026 7:45 PM | Bank account
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক