আঞ্চলিক সংবাদ

September 27, 2026 8:49 PM

views 11

বিশ্ব পর্যটন দিৱসত ৰাজ্যৰ পৰ্যটনৰ সম্ভাৱনাক বিশ্বৰ পৰ্যটন মানচিত্রত অধিক উজলাই তুলিবলৈ সকলোৰে প্ৰতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰাৰ বাবে আজি বিশ্ব পর্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ২৭ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে: পর্য...

September 27, 2026 8:26 PM

views 11

নল গাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্রধানমন্ত্রীয়ে মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

বিশ্বত বিলুপ্তপ্রায় নল গাহৰি সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্রহণ কৰা পদক্ষেপ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাতত উল্লেখ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত লাভ কৰা ইতিবাচক পৰি...

September 27, 2026 8:22 PM

views 8

ৰাজ্যত ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণাৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিশেষ ৰাডাৰৰ সুবিধা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য

ৰাজ্যত অহা বছৰৰ ফেব্ৰুৱাৰীৰ পৰা বতৰ গৱেষণাৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিশেষ ৰাডাৰৰ সুবিধা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে চন্দ্ৰপুৰত থকা ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ ইষ্ট্রাক্ট কেন্দ্ৰত ডাৱৰৰ প্ৰকাৰ অধ্যয়ন কৰাৰ উদ্দেশ্যে নতুন বিশেষ ৰাডাৰৰ সহায় লোৱা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এ...

September 27, 2026 7:28 PM

views 6

মন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সম্মিলন কেন্দ্ৰত নাগৰিক সভা

শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সন্মিলন কেন্দ্ৰত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ সামগ্রিক উন্নয়ন, বর্তমান ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনি আৰু সমস্যাসমূহৰ সমাধান সন্দৰ্ভত মত-বিনিময় কৰা হয়। সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বি...

September 27, 2026 7:23 PM

views 9

আজি বিশ্ব নদী দিৱস

আজি বিশ্ব নদী দিৱস। প্ৰতি বছৰে ছেপ্তেম্বৰৰ চতুৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। নদী সংৰক্ষণ আৰু নৈসমূহত হোৱা প্ৰদূষণকে ধৰি বিভিন্ন নেতিবাচক কাৰকৰ ফলত বিশ্বৰ প্রান্তে প্রান্তে নদীসমূহৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে,...

September 27, 2026 7:06 PM

views 8

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি

নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি কৰে। এই পদযাত্ৰাত ছাত্র-ছাত্রী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, বিভিন্ন সামাজিক সংগঠনৰ প্রতিনিধি, প্রাক্তন সেনা বাহিনীৰ লোক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে। এই পদযাত্ৰাৰ জৰিয়তে...

September 27, 2026 6:56 PM

views 16

অসমত দুষ্প্রাপ্য নল গাহৰি সংৰক্ষণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়ে প্রধানমন্ত্রীৰ মন কী বাতত উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্ৰ পৰিস্থিতি তন্ত্রটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্...

September 27, 2026 1:03 PM

views 25

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্রথমবাৰৰ বাবে ৰ'বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰি ইতিহাস ৰচনা কৰিছে। ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্বাৰধানত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন কেন্দ্ৰৰ হৃদৰোগৰ শৈল্য চিকিৎসা বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰ'বটিকৰ সহায়ত তিনিজন ৰোগীৰ ক'ৰ'নেৰী ...

September 27, 2026 12:44 PM

views 34

অসমৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যক মানুহৰ দখল মুক্তৰ পাছত অভয়াৰণ্যখনত অভূতপূর্ব পৰিৱৰ্তন হৈছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্র জৈৱিক তন্ত্রতো সুদৃঢ় কৰে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মো...

September 27, 2026 12:15 PM

views 24

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কাণ্ডলাত কালি এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্রতিদিনে ১৫০ টন উৎপাদন ক্ষমতা সম্পন্ন এই ই-মিথানল প্রকল্পই সেউজ শক্তি আৰু কম কার্বন নির্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্...