খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি গোলাঘাট জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে দণ্ডধৰ বৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰষুণৰ পানী সংৰক্ষণ প্রকল্প, পৌৰ বজাৰ এলেকা আৰু তেতেলিতলত থকা ধান ক্রয় কেন্দ্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় পর্যালোচনা বৈঠকত অংশ ল’ব। শ্ৰীৰায়ে আজি নগাঁও জিলাৰ কুঁৱৰীতল ধান ক্রয় কেন্দ্র, ভূপেন হাজৰিকা কলা তীৰ্থ আৰু আমোলাপট্টিৰ পানীযোগান প্রকল্পকে ধৰি কেইবাটাও প্ৰকল্পৰ পৰ্যালোচনা কৰিব।
Assamese | October 12, 2026 11:56 AM | Kaushik Rai in Golaghat
খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ৰ গোলাঘাট জিলা ভ্ৰমণ