September 27, 2026 8:49 PM | World Tourism Day Assam

printer

বিশ্ব পর্যটন দিৱসত ৰাজ্যৰ পৰ্যটনৰ সম্ভাৱনাক বিশ্বৰ পৰ্যটন মানচিত্রত অধিক উজলাই তুলিবলৈ সকলোৰে প্ৰতি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

পৰ্যটনৰ গুৰুত্ব সন্দৰ্ভত বিশ্ববাসীক সজাগ কৰাৰ বাবে আজি বিশ্ব পর্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ২৭ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে: পর্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃত্রিম বুদ্ধিমত্তা।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব পর্যটন দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বার্তাত ড০ শৰ্মাই কয়, যে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য, বন্য প্রাণীৰ মনোৰম বিচৰণ, চাহ বাগিচাৰ সেউজ আৱৰণ, ব্ৰহ্মপুত্ৰৰ বিশালতা, সত্ৰীয় সংস্কৃতিৰ গৰিমা আৰু জাতি-জনগোষ্ঠীৰ পৰম্পৰা লোকাচাৰেৰে অসম এখন অনন্য পর্যটন ভূমি। তেওঁ লগতে বিশ্ব পর্যটন দিৱসত ৰাজ্যৰ পৰ্যটনৰ সম্ভাৱনাক বিশ্বৰ পৰ্যটন মানচিত্রত অধিক উজলাই তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অসম চৰকাৰে পৰ্যটন সম্পর্কে নথি-পত্ৰৰ কাম সহজ আৰু দ্রুত কৰাৰ বাবে সেৱা সেতু আৰু পর্যটন বিভাগৰ যৌথ প্ৰচেষ্টাৰে আজিৰে পৰা অনলাইন পর্যটন আৱাস পঞ্জীয়ন আৰু নৱীকৰণ প্ৰক্ৰিয়া মুকলি কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰি কয়, যে ইয়াৰ ফলত নাগৰিকৰ সময় আৰু পৰিশ্ৰম ৰাহি হোৱাৰ লগতে পর্যটন সম্পর্কীয় সেৱা অধিক সহজলভ্য হ’ব।

ডিমা হাচাও জিলাৰ উমৰাংছ’ত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হয়। ডিমা হাচাওৰ প্ৰাকৃতিক সৌন্দর্য্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হয়।

আজিৰ কাৰ্য্যসূচীত অসমত পর্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্রিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পর্যটন দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

গোৱালপাৰা জিলাৰ উল্লেখযোগ্য পৰ্যটনস্থলী উৰপদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিতো আজি এই কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উৰপদ বিল অভিমুখী পথত এখন তোৰণ মুকলি কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি গছপুলিও ৰোপণ কৰা হৈছে।

কার্বি আংলং জিলা পর্যটন বিভাগৰ উদ্যোগত ঐতিহ্যমণ্ডিত ডিফু ক্লাবত আজি বিশ্ব পর্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলা পৰ্বতাৰোহণ সন্থাৰ তৰফৰ পৰা পৰ্বতাৰোহণত ব্যৱহৃত সামগ্ৰী ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। এই কার্য্যসূচীত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং উপস্থিত থাকে।

মৰিগাঁৱ জিলাৰ পবিতৰা অভয়াৰণ্যত আজি পর্যটন দিৱস পালন কৰা হয়। অসম ভ্রমণ অপাৰেটৰ সংস্থাৰ সহযোগত বিশেষ কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।