অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কাণ্ডলাত কালি এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্রতিদিনে ১৫০ টন উৎপাদন ক্ষমতা সম্পন্ন এই ই-মিথানল প্রকল্পই সেউজ শক্তি আৰু কম কার্বন নির্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত অংশ লোৱাৰ পাছত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে মিথানল উৎপাদনৰ পাঁচ দশকৰ অসমৰ অভিজ্ঞতা নতুন সেউজ প্ৰযুক্তিৰ সৈতে সংযোগ কৰা এই প্রকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব।

উল্লেখযোগ্য যে এই প্রকল্পটো সম্পূর্ণ হৈ উঠিলে বছৰি প্ৰায় ৫০ হাজাৰ টন ই-মিথানল উৎপাদন কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। অসম পেট্র’ কেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্রত্যক্ষ আৰু পৰোক্ষভাবে ৩,৫০০ৰো অধিক কর্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্রতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিবেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে এই ক্ষেত্রত অর্থনৈতিক প্রগতি আৰু পৰিবেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব।

গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্রতিফলিত কৰা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।