September 27, 2026 12:15 PM
24
অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ অংশ হিচাপে কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন
অসম আৰু গুজৰাটৰ অংশীদাৰিত্বত সেউজ উন্নয়নৰ নতুন অধ্যায়ৰ অংশ হিচাপে গুজৰাটৰ কাণ্ডলাত কালি এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। প্রতিদিনে ১৫০ টন উৎপাদন ক্ষমতা সম্পন্ন এই ই-মিথানল প্রকল্পই সেউজ শক্তি আৰু কম কার্বন নির্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত অংশ লোৱাৰ পাছত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, যে মিথানল উৎপাদনৰ পাঁচ দশকৰ অসমৰ অভিজ্ঞতা নতুন সেউজ প্ৰযুক্তিৰ সৈতে সংযোগ কৰা এই প্রকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিক...