মন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সম্মিলন কেন্দ্ৰত নাগৰিক সভা

শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্রী বিশ্বজিৎ দৈমাৰী আৰু স্বাস্থ্য মন্ত্রী অশোক সিংহলৰ উপস্থিতিত শোণিতপুৰ জিলা সন্মিলন কেন্দ্ৰত আজি এখন নাগৰিক সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ সামগ্রিক উন্নয়ন, বর্তমান ৰূপায়িত বিভিন্ন চৰকাৰী আঁচনি আৰু সমস্যাসমূহৰ সমাধান সন্দৰ্ভত মত-বিনিময় কৰা হয়।

সাংসদ ৰঞ্জিত দত্ত, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে অংশ লোৱা এই সভাত নাগৰিকসকলৰ পৰা প্ৰত্যক্ষভাৱে বিভিন্ন বিষয়ত মতামত গ্রহণ কৰা হয়। তদুপৰি, চলি থকা উন্নয়নমূলক প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন বিভাগ আৰু সংস্থাৰ মাজত সমন্বয় সাধনত গুৰুত্ব আৰোপ কৰা হয়।