গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্রথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰি ইতিহাস ৰচনা কৰিছে। ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্বাৰধানত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন কেন্দ্ৰৰ হৃদৰোগৰ শৈল্য চিকিৎসা বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰ’বটিকৰ সহায়ত তিনিজন ৰোগীৰ ক’ৰ’নেৰী আৰ্টাৰী বাইপাছ গ্রাফটিং আৰু মাইট্রেল ভাল্ভ অস্ত্রোপচাৰ সম্পন্ন কৰে।

ইয়াৰ লগে লগে চিকিৎসালয়খনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অস্ত্রোপচাৰ সম্পন্ন কৰাৰ কৃতিত্ব অর্জন কৰে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক বিশ্বমানৰ চিকিৎসা প্রতিষ্ঠান হিচাপে গঢ়ি তোলাৰ সংকল্পৰ দিশৰ পৰা এয়া গুৰুত্বপূৰ্ণ সাফল্য।

তেওঁ কয়, যে অত্যাধুনিক আন্তঃগাঁথনিৰ পৰা উন্নতমানৰ হৃদযন্ত্র চিকিৎসালৈ ৰাজ্যৰ স্বাস্থ্যসেৱাক নতুন গতি প্ৰদানৰ যাত্রা অব্যাহত আছে আৰু আগলৈও থাকিব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নত হৃদযন্ত্র চিকিৎসাৰ নতুন যুগৰ সূচনা কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে এই ঐতিহাসিক সাফল্যৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, স্বাস্থ্যকর্মী আৰু সহযোগী দলক অভিনন্দন জনায়।