September 27, 2026 1:03 PM
10
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্রথমবাৰৰ বাবে ৰ'বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰি ইতিহাস ৰচনা কৰিছে। ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্বাৰধানত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন কেন্দ্ৰৰ হৃদৰোগৰ শৈল্য চিকিৎসা বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰ'বটিকৰ সহায়ত তিনিজন ৰোগীৰ ক'ৰ'নেৰী আৰ্টাৰী বাইপাছ গ্রাফটিং আৰু মাইট্রেল ভাল্ভ অস্ত্রোপচাৰ সম্পন্ন কৰে। ইয়াৰ লগে লগে চিকিৎসালয়খনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ অস্ত্রোপচাৰ সম্পন্ন কৰাৰ কৃতিত্ব অর্জন কৰে। মুখ্যমন...