ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি

নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি কৰে। এই পদযাত্ৰাত ছাত্র-ছাত্রী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, বিভিন্ন সামাজিক সংগঠনৰ প্রতিনিধি, প্রাক্তন সেনা বাহিনীৰ লোক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে। এই পদযাত্ৰাৰ জৰিয়তে জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণৰ আহ্বান জনোৱা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্রীআচার্য্যই কয়, যে মাদক দ্রব্যৰ বিৰুদ্ধে যুঁজখন ব্যক্তিগত পৰ্য্যায়ত সীমাবদ্ধ নাৰাখি দীর্ঘস্থায়ী সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সমাজৰ সকলো স্তৰৰ লোকৰ অংশগ্ৰহণ অত্যন্ত প্রয়োজন। এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ শক্তি, সৃজনশীলতা আৰু সম্ভাবনা ৰাষ্ট্ৰৰ বৃহৎ শক্তিৰ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছে।

তেওঁ যুৱ প্ৰজন্মক গঠনমূলক লক্ষ্য আগত ৰাখি যোগাভ্যাস, প্রাণায়াম, ক্রীড়া, অধ্যয়ন, জ্ঞান আহৰণ আৰু সৃজনীমূলক কাম-কাজৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।

বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অর্থনৈতিক উন্নয়নৰ সমানেই যুৱ-প্ৰজন্ম স্বাস্থ্যৱান, আত্ম-বিশ্বাসী আৰু শক্তিশালী হোৱা প্রয়োজনীয় বুলি তেওঁ মত প্রকাশ কৰে। তেওঁ শিক্ষানুষ্ঠানসমূহৰ লগতে সমাজৰ সংগঠনসমূহক মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায়।

এই ক্ষেত্ৰত তেওঁ ধুবুৰী জিলাৰ সুকীয়া সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি কয়, যে জিলাখনৰ বৈচিত্র্যময় সংস্কৃতি আৰু সামাজিক গাঁথনিয়ে এই ক্ষেত্রত সহায় কৰিব। শ্রীআচাৰ্য্যই আজি এই পদযাত্ৰা মুকলি কৰাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য তর্পণ কৰে। তেওঁ বগৰীবাৰীৰ মহামায়া শক্তিপীঠত পূজা-অর্চনা আগবঢ়ায়।