September 27, 2026 7:06 PM

views 8

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি

নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই আজি ধুবুৰীত নিচামুক্ত ভাৰত সংকল্প পদযাত্রা মুকলি কৰে। এই পদযাত্ৰাত ছাত্র-ছাত্রী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, বিভিন্ন সামাজিক সংগঠনৰ প্রতিনিধি, প্রাক্তন সেনা বাহিনীৰ লোক আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশগ্ৰহণ কৰে। এই পদযাত্ৰাৰ জৰিয়তে জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণৰ আহ্বান জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্রীআচার্য্যই কয়, যে মাদক দ্রব্যৰ বিৰুদ্ধে যুঁজখন ব্যক্তিগত পৰ্য্যায়ত সীমাবদ্ধ নাৰাখি দীর...