আঞ্চলিক সংবাদ

September 30, 2026 11:11 AM

views 9

অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা

অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ এটা ৬জনীয়া দলে কালি সন্ধিয়া কার্বিআংলং জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু আঁচনি পৰ্য্যালোচনা কৰে। দলটোৱে কাৰ্বিআংলং স্বায়ত্ত্ব পৰিষদকে ধৰি বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত আঁচনি আৰু প্ৰকল্পৰ অগ্ৰগতিৰ খতিয়ান লয়। জিলাখনৰ বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ...

September 30, 2026 11:08 AM

views 16

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড০ মনোৰঞ্জন শৰ্মাৰ দেহাৱসান

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক ড০ মনোৰঞ্জন শৰ্মাৰ কালি পুৱা গুৱাহাটীৰ বেলতলাৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অর্থনীতি বিভাগৰ অধ্যাপকৰূপে কাৰ্য্যনিৰ্বাহ কৰা প্ৰয়াত শৰ্মা সংবাদমাধ্যমৰ সৈতেও জড়িত আছিল। তেওঁৰ বিয়োগত শৈক্ষিক ক্ষেত্...

September 30, 2026 11:04 AM

views 6

নির্বাচন আয়োগত কোনো অন্তর্দ্বন্দ্ব নাই বুলি পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য

কংগ্ৰেছে প্ৰচাৰ কৰা ধৰণে নির্বাচন আয়োগত কোনো অন্তর্দ্বন্দ্ব নাই বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্রকাশ কৰিছে। যোৰহাটৰ বিজেপি কাৰ্যালয়ত কালি বিয়লি এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে বিষয়ে মন্তব্য কৰে। তেওঁ কয়, যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশত ১০০ৰো অধিক নিৰ্...

September 30, 2026 10:59 AM

views 6

ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় ৪,০০০ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ

স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেম’গ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এইকথা সদৰি কৰে। ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে ৩ হাজাৰ ৬০০ৰ পৰা ৪ হাজাৰ মহিলাৰ স্...

September 30, 2026 10:56 AM

views 8

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস, আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অভিযোগ অস্বী...

September 30, 2026 10:44 AM

views 22

দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীৰ প্ৰথম শিলচৰ ভ্রমণ

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্য্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে, প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দ্বি...

September 30, 2026 10:15 AM

views 16

মিজোৰামৰ ছাইৰাঙ আৰু মণিপুৰৰ লামকাৰ মাজত ২১খন আসনযুক্ত দুখন বাছ সেৱা মুকলি

মিজোৰামৰ গড়কাপ্তানি মন্ত্রী ভানলাহলনাহে কালি আন্তঃৰাজ্যিক বাছ সেৱাৰ বাবে চালতোলাঙৰ পৰিবহণ কাৰ্যালয় চৌহদৰ পৰা আইজলৰ ছাইৰঙক মণিপুৰ লামকাৰ সৈতে সংযোগ কৰা ২১খন আসনযুক্ত দুখন বাছ মুকলি কৰে। এই সেৱা কাইলৈৰ পৰা আৰম্ভ হ'ব। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি শ্রীভানলাহলনাহই কয়, যে এখন শক্তিশালী ৰাষ্ট্ৰ গ...

September 29, 2026 5:18 PM

views 23

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস

ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক দেৱেন্দ্ৰ নাথ আচাৰ্যৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেৱেন্দ্ৰ নাথ আচাৰ্যই কেইবাখনো উপন্যাস ৰচনা কৰিছিল। তেওঁৰ অন্য যুগ, অন্য পুৰুষ, কালপুৰুষ, জংগম আদি উল্লেখযোগ্য উপন্যাস। ১৯৭৯ চনত কালপুৰুষ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা আৰু ১৯৮৪ চনত ...

September 29, 2026 5:16 PM

views 25

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্...

September 29, 2026 5:09 PM

views 6

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্...