আজি বিশ্ব নদী দিৱস। প্ৰতি বছৰে ছেপ্তেম্বৰৰ চতুৰ্থটো দেওবাৰে এই দিৱস পালন কৰা হয়। নদী সংৰক্ষণ আৰু নৈসমূহত হোৱা প্ৰদূষণকে ধৰি বিভিন্ন নেতিবাচক কাৰকৰ ফলত বিশ্বৰ প্রান্তে প্রান্তে নদীসমূহৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে, বন, নদী আৰু পানী অবিহনে জীৱনৰ অস্তিত্ব অসম্ভব।
অসমতো এই নদী দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটীত ভৰলু নৈৰ সংৰক্ষণৰ সৈতে জড়িত ভৰলু বচাও নামৰ সংস্থাই বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে ভৰলু নৈত নাও খেলৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জনপ্রিয় অভিনেতা যতীন বৰাইয়ো অংশ লয়।