আঞ্চলিক সংবাদ

June 8, 2026 7:01 PM

views 22

শোণিতপুৰ জিলাৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক

শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ ১ নম্বৰ বচাচিমলু অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্রীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন লোকজন শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ফটাচিমলু নিবাসী বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনৰ পৰা ৪০টা প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰিছে।

June 8, 2026 6:57 PM

views 18

ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন

ভাৰতস্থিত ৰাষ্ট্রদূত হার্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্রদূত ডিডিয়েৰ ভাণ্ডাৰহেছেৰ্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্...

June 8, 2026 6:52 PM

views 21

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। [video width="720" height="1280" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Laxmanacharya-Ghy.mp4"][/video] সৈনিক কল্যাণ সঞ্চালকালয়ৰ ...

June 8, 2026 6:45 PM

views 25

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ...

June 8, 2026 6:44 PM

views 16

ব্ৰিটিছ সংসদত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে

ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ ৬২ গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ লগতে সত্ৰীয়া নৃত্য-গীতো পৰিৱেশন কৰা হ'ব।

June 8, 2026 8:04 PM

views 16

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানিকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানিকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগ...

June 8, 2026 6:29 PM

views 18

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শ‍ইকীয়া, আৰু আৰক্ষী পৰিদৰ্শক...

June 8, 2026 6:43 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় সৰকাৰক স...

June 8, 2026 1:00 PM

views 18

প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ দেহাৱসান

প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। শিলচৰত জন্মলাভ কৰা প্ৰয়াত দাসে প্রথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত চেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ চেতাৰবাদক পণ্ডিত ৰবি শংকৰৰ পৰা ৫ বছৰ কাল চেতাৰৰ শিক্ষা ...

June 8, 2026 12:54 PM

views 13

কোকৰাঝাৰত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কার্যনির্বাহক সভা অনুষ্ঠিত

কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কার্যনির্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবে চৰক...