প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। শিলচৰত জন্মলাভ কৰা প্ৰয়াত দাসে প্রথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত চেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ চেতাৰবাদক পণ্ডিত ৰবি শংকৰৰ পৰা ৫ বছৰ কাল চেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণী শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে ১৯৮৫ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ মৃত্যুত আকাশবাণী শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক শিষ্য আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰে
Assamese | June 8, 2026 1:00 PM | death news
প্ৰসিদ্ধ চেতাৰবাদক প্ৰদ্যুম্ন দাসৰ দেহাৱসান