মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে।

অশ্বিনী ৰায় সৰকাৰক সামাজিক ন্যায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্টইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে।

জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্রযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে।

কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশু পালন, পশু চিকিৎসা, মীন, পিযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোঁহাইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্রী নতুন দায়িত্বপ্রাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।