ভাৰতস্থিত ৰাষ্ট্রদূত হার্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্রদূত ডিডিয়েৰ ভাণ্ডাৰহেছেৰ্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্রিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্রতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়।
এই পৰিদৰ্শনে আন্তৰাষ্ট্ৰীয় বিনিয়োগ, প্রযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।
এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেকট্রনিক সামগ্রী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন, কর্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে।