ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ ছহিদ শ্ৰদ্ধাঞ্চলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে ছহিদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে।

 অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ ছদিহৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ ১০৪ গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসর্জন দিছে।