কৃষি

July 12, 2026 8:53 PM

views 81

কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্রায় ৫৮০০ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কা...

July 12, 2026 7:36 PM

views 63

তেজপুৰৰ বাৰীকা চুবুৰীত অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰীকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩ কোটি ৪৮ লাখ ৯১ হাজাৰ টকা ব্যয়েৰে এই প্ৰকল্পটো নির্মাণ কৰা হ'ব। মন...

July 12, 2026 12:42 PM

views 73

ৰাজ্যত এতিয়ালৈ ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যত কালিৰ দিনটোত ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে প্রকাশ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ, আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে...

July 5, 2026 7:21 PM

views 76

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি কৰি দিছে। কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ...

July 5, 2026 7:00 PM

views 73

কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ

ৰাজ্যৰ কৃষি বিভাগে সমগ্র ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাসী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণকৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচ...

July 5, 2026 10:59 AM

views 68

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্রতি কুইণ্টলত ১৮৭৫ টকাৰ পৰা ২১২৫ টকাকৈ বৃদ্ধি পাইছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই সংশোধিত ক্রয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত...

June 28, 2026 7:15 PM

views 66

নগাওঁ জিলাৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ কাৰ্যসূচীত কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ অংশগ্ৰহণ

কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ডলী পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাবে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠিয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয়, যে তেওঁ নিজে আগত...

June 21, 2026 7:00 PM

views 70

লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট প্রস্তুতিমূলক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্রস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম সমূহৰ উৎপাদনশীলত...

June 21, 2026 12:05 PM

views 54

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনি ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত প্রতিজন যোগ্য ...

June 14, 2026 7:21 PM

views 55

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়া...