চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্রতি কুইণ্টলত ১৮৭৫ টকাৰ পৰা ২১২৫ টকাকৈ বৃদ্ধি পাইছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই সংশোধিত ক্রয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাত সহায় কৰিব।
দেশৰ মজুত ভঁৰালৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংঘ লিমিটেড আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংঘ লিমিটেডৰ মাধ্যমেৰে পিয়াজ ক্ৰয় কৰা হৈছে।
কৃষি আৰু কৃষক কল্যাণ বিভাগে ২০২৫-২৬ বৰ্ষৰ বাবে কৰা দ্বিতীয় অগ্রীম পূর্বানুমান অনুসৰি দেশত এইবাৰ ৩০৭ লাখ মেট্রিক টনৰো অধিক পিঁয়াজৰ উৎপাদন হোৱাৰ সম্ভাৱনা আছে।
মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু গুজৰাটত পর্যাপ্ত মাত্ৰাত পিঁয়াজৰ মজুত আছে আৰু সম্প্রতি পিঁয়াজৰ ভৰালত কোনো ধৰণৰ নাটনি দেখা দিয়া নাই। দেশত পিঁয়াজৰ গড় খুচুৰা মূল্য প্রতি কিলোগ্রামত ৩১ টকা হৈছে। পিঁয়াজৰ ৰপ্তানিও স্বাভাৱিক হৈ আছে। যোৱা জুনত প্ৰায় ডেৰ লাখ মেট্রিক টন পিঁয়াজ ৰপ্তানি কৰা হৈছিল।