ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়া হয়।
তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্রীহাজৰিকাই নির্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কার্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৫ দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া, কৃষক উৎপাদক কেন্দ্রসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সঁকিয়াই দিয়ে।
প্রধানমন্ত্রী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্রতিখন জনকল্যানমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মর্যাদা প্রদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে।
বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ফল-মূলৰ খেতি আৰু ৰবি শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিব লাগিব। এমাহৰ ভিতৰত ৰাজ্যৰ লাখ লাখ খেতিয়কক আনাৰস, বগৰী, আৰু কঠালৰ পুলি দিয়া হ’ব বুলি তেওঁ কয়।
অনাগত সময়ত কৃষকৰ পঞ্জীয়ন বৃদ্ধি কৰাৰ লগতে কৃষক উৎপাদক সংস্থাৰ সংখ্যাও বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকক সহায় কৰিব লাগিব বুলিও শ্রীহাজৰিকাই উল্লেখ কৰে। অসমৰ কমেও ৫০ শতাংশ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।