June 14, 2026 7:21 PM

views 32

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্রীহাজৰিকাই নির্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কার্যালয়ত উপস্থিত হোৱাৰ...