ৰাজ্যৰ কৃষি বিভাগে সমগ্র ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাসী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণকৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে।
তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফুইট আদিৰ দৰে লাভজনক শস্যৰ মিশ্রিত খেতি কৰিলে কৃষক পৰিয়ালসমূহ অর্থনৈতিকভাবে লাভান্বিত হ’ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক কম দৰমহাৰ সাধাৰণ চাকৰিৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ পৰিৱৰ্তে বাণিজ্যিক কৃষিক আকোৱালি লবলৈ আহ্বান জনায়।
কম উৎপাদনৰ বাবে কেৰ্কেটুৱাৰ উপদ্রব বা মোবাইল টাৱাৰৰ বিকিৰণৰ দৰে অপ্রমাণিত কাৰণসমূহক জগৰীয়া কৰাৰ সলনি প্ৰতিটো সমস্যাৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ তেওঁ আহ্বান জনায়।
কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ সংকল্পৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে সর্বাধিক খুচুৰা মূলতকৈ অধিক দৰত সাৰ বিক্ৰী কৰা বিক্রেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি সকিয়াই দিয়ে। এই বছৰ সঠিক সময়ত ধানৰ বীজ বিতৰণ কৰাৰ ফলত স্থানীয় কৃষকসকল উপকৃত হৈছে বুলি তেওঁ উল্লেখ কৰে। আজি অনুষ্ঠানটিত মন্ত্ৰীগৰাকীক এশ গৰাকী কৃষকৰ মাজত আনুষ্ঠানিকভাৱে ফলমূলৰ পুলি, মাটিমাহ আৰু মগুমাহৰ বীজ তথা স্প্রে মেচিন বিতৰণ কৰে।
মন্ত্ৰীগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গ্রহণ কৰা এই পদক্ষেপে ৰাজ্যৰ কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডত অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজ্যত নাৰিকলৰ উৎপাদন বৃদ্ধিৰ বাবে পদক্ষেপ গ্রহণ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনা কৰিছে।
সংবাদ মাধ্যমৰ আগত শ্রীহাজৰিকাই কয়, যে প্রতিবছৰে ৰাজ্যত নাৰিকল, তামোল, নেমু আদিৰ এক কোটিকৈ পুলি কৃষকসকলৰ মাজত বিতৰণ কৰা হ’ব বুলি তেওঁ অৱগত কৰে। কমেও এগৰাকী ব্যক্তিক ১০ টাকৈ বিভিন্ন গছপুলি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰে। ৰাজ্যত বৰ্তমান ২৪ লাখ ৫০ হাজাৰ পঞ্জীয়নকৃত কৃষকৰ ভিতৰত ১৮ লাখ ৬০ হাজাৰ প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ সুবিধা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে।