July 5, 2026 7:00 PM

views 8

কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ

ৰাজ্যৰ কৃষি বিভাগে সমগ্র ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাসী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণকৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে গৱেষণা কেন্দ্ৰৰ চৌহদত এটা নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কয় যে একেখিনি মাটিতে পৰিকল্পিতভাৱে সমান্তৰালকৈ নাৰিকল, জালুক, আনাৰস, ড্ৰেগন ফুইট আদিৰ দৰে লাভজনক শস্যৰ মিশ্রিত খেতি কৰিলে কৃষক প...