প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে  প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনি ২৩ সংখ্যক কিস্তি আনুষ্ঠানিকভাবে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়।

উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত প্রতিজন যোগ্য হিতাধিকাৰী কৃষকে দুহেজাৰ টকাকৈ বছৰত তিনিটা কিস্তিত মুঠ ৬ হাজাৰ টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে।

মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্রীয়ভাবে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় ৬৬৫৯৪গৰাকী কৃষকে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মাননিধি এই অনুদান লাভকৰিছে।

শোণিতপুৰ জিলাতো কালি মুঠ ৩৭৮০২গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ ৬২১৪৮ গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।