কৃষি

November 8, 2026 11:11 AM

views 14

ৰাজ্যত কৃষি উৎপাদন কোম্পানীৰ সংখ্যা ডেৰ হাজাৰলৈ বৃদ্ধিৰ লক্ষ্য

কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি গোৱালপাৰা জিলাৰ দেউলগুৰিত তৈল খেজুৰৰ খেতি পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ এই খেতিৰ সৈতে জড়িত কৃষক আৰু আন অংশীদাৰসকলৰ উপস্থিতিত কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত কৃষক পঞ্জীয়ন প্রক্রিয়া, পুলি বিতৰণ, তৈল ...

November 1, 2026 12:50 PM

views 16

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১ টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ হৈছে। এইবাৰ প্ৰ...

October 25, 2026 6:54 PM

views 20

উত্তৰ-পূৰ্বাঞ্চলৰ মিলেট খেতিৰ চহকী পৰম্পৰাৰ বিষয়ে মন কী বাতত প্ৰধানমন্ত্ৰীৰ আলোকপাত

দেশে অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকী পালন কৰিব আৰু এই দিনটো একতা দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে একতা দিৱসৰ দিনা সমগ্ৰ দেশত একতাৰ দৌৰৰ আয়োজন কৰা হ'ব। ভাৰতৰ আহ্বান মর্মে ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মিলেট বর্ষ হিচাপে উদযাপন কৰাৰ...

October 25, 2026 10:55 AM

views 25

অসমত ২০২৬-২৭ খাৰিফ বিপণন বৰ্ষত ৮ লাখ ৪৯ হাজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য

  ৰাজ্য চৰকাৰে ২০২৬-২৭ খাৰিফ বিপনন বৰ্ষৰ প্ৰথম শস্য ৰোপণৰ সময়ছোৱাত ৮ লাখ ৪৯ হাজাৰ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্য ঠিৰাং কৰিছে। পহিলা নৱেম্বৰত এই ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অহা বছৰৰ ৩১ মে'লৈ অব্যাহত থাকিব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰে ৰাজ্যৰ ৩৫ খন জি...

October 11, 2026 10:41 AM

views 35

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ এবছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশৰ ১০০ খন অভিলাসী কৃষি জিলাৰ কৃষি খণ্ড সুদৃঢ় কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ আজিৰ দিনটোতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, জিলা ভিত্তিক কৃষি আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই আঁচনিৰ জৰিয়তে ১১টা মন্ত্ৰ্যালয় আৰু বিভা...

September 20, 2026 8:47 PM

views 36

জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত  কৃষি মন্ত্রী পীযুষ হাজৰিকাৰ আলোচনা

কৃষি মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয়, যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। ...

September 6, 2026 12:17 PM

views 64

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষ...

July 28, 2026 12:27 PM

views 97

বানত ক্ষতিগ্রস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সিদ্ধান্ত

শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ...

July 19, 2026 7:24 PM

views 77

কৃষিমন্ত্রী পীযুষ হাজৰিকাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন

কৃষিমন্ত্রী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট-পথৰ অভাব আৰু শীতল ভঁৰালৰ প্ৰ...

July 19, 2026 12:59 PM

views 87

ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয়, যে অহা ৫ বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা...