কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি গোৱালপাৰা জিলাৰ দেউলগুৰিত তৈল খেজুৰৰ খেতি পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ এই খেতিৰ সৈতে জড়িত কৃষক আৰু আন অংশীদাৰসকলৰ উপস্থিতিত কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়।
বৈঠকত কৃষক পঞ্জীয়ন প্রক্রিয়া, পুলি বিতৰণ, তৈল খেজুৰ ৰোপন, কৃষি আন্তঃগাঁথনি পুঁজিৰ কাৰ্যকৰীকৰণ, কৃষি উৎপাদক কোম্পানীসমূহৰ সবলীকৰণ আৰু মাখানা খেতিৰ বাবে উপযুক্ত বিল তথা মৎস্য পালন কৰা স্থান চিনাক্ত কৰণৰ অগ্রগতি সম্পর্কে সৱিশেষ আলোচনা কৰে।
উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে কৃষকসকলৰ সবলীকৰণৰ বাবে ভালেমান পদক্ষেপ গ্রহণ কৰিছে যাতে আর্থিকভাৱে কৃষকসকল উপকৃত হ’ব পাৰে। অনাগত দিনত ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ কল্যাণৰ বাবে সমর্পিত মনোভাৱেৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা উল্লেখ কৰে।
ইয়াৰ পদক্ষেপৰ অংশহিচাপে কৃষিবিভাগে গোৱালপাৰা জিলাত দুটা কাঠফুলা প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ অভিলাষী লক্ষ্য নির্ধাৰণ কৰিছে।
ইয়াৰ লগতে ৰাজ্যত কৃষক উৎপাদক কোম্পানীৰ সংখ্যা ১৫০০লৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যত সাঁচি খেতিৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণ সম্পর্কেও কালিৰ বৈঠকত আলোচনা কৰা হয়।
শ্রীহাজৰিকাই লগতে জলসিঞ্চন বিভাগৰ ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ সম্পৰ্কে পৰ্যালোচনা কৰে। তেওঁ লগতে বহিঃ সাহায্যপ্রাপ্ত প্ৰকল্পৰ প্ৰস্তুতি আৰু স্থানীয় চাহিদাৰ ওপৰত আধাৰিত সৰু সৰু জলসিঞ্চন আঁচনিৰ কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় নীতি-নির্দেশনা প্রদান কৰে।
মন্ত্ৰীগৰাকীয়ে অনাগত দিনত ৰাজ্যৰ জলসিঞ্চনৰ আন্তঃগাঁথনিৰ বিকাশক অধিক আগুৱাই নিয়াৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে। বৈঠকত তেওঁ তৈল খেজুৰৰ সৈতে জড়িত খেতিয়কসকলৰ সৈতে মত বিনিময় কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি মন্ত্ৰী শ্ৰীহাজৰিকাই ৰাজ্যৰ কৃষি অর্থনীতিলৈ অৱদান আগবঢ়াই চৰকাৰক ধান বিক্ৰী কৰা কৃষকসকলক ধান ক্রয় প্রমাণ-পত্ৰ বিতৰণ কৰে।
গোৱালপাৰা ভ্ৰমণৰ অংশহিচাপে মন্ত্ৰীগৰাকীয়ে দুধনৈ সমষ্টিৰ অন্তৰ্গত হাত্ৰী আৰু দেওশিলা বোঁৱতী জলসিঞ্চন আঁচনি দুখন পৰিদৰ্শন কৰে।