দেশে অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষিকী পালন কৰিব আৰু এই দিনটো একতা দিৱস হিচাপে উদযাপন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে একতা দিৱসৰ দিনা সমগ্ৰ দেশত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব।
ভাৰতৰ আহ্বান মর্মে ২০২৩ বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মিলেট বর্ষ হিচাপে উদযাপন কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে বিশ্বৰ বিভিন্ন প্রান্তত এই আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি পৰিলক্ষিত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ মিলেট খেতিৰ চহকী পৰম্পৰাৰ বিষয়ে আলোকপাত কৰি শ্রী মোদীয়ে কয়, যে মিলেট মেঘালয়ৰ পশ্চিম জয়ন্তী পার্বত্য জিলাৰ খাদ্য সংস্কৃতিৰ অবিচ্ছেদ্য অংগ।
কিছু সময় ধৰি মিলেট খেতি কৰা লোকৰ সংখ্যা হ্রাস পোৱালৈ চাই অঞ্চলটোৰ দুগৰাকী মহিলাই মিলেটৰ পৰা নতুন সামগ্রী উৎপাদনৰ উদ্যম গ্রহণ কৰিছে। এই উদ্যমৰ অংশ হিচাপে মূল্য সংযোজনৰ জৰিয়তে তেওঁলোকে কেক, কুকীজ, মাফিনছ আৰু শিশু খাদ্য প্রস্তুত কৰি উলিয়াইছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এনে প্ৰচেষ্টাৰ বাবে মিলেট আধাৰিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে।