কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষেত্ৰত অগ্ৰণী কৰিব লাগিব আৰু খেতিয়কসকলৰ উপাৰ্জন দুগুণ নহয়, পাঁচগুণ কৰিব লাগিব তেতিয়াহে অসম আগুৱাই যাব।

ৰাজ্যত মাখনা খেতিৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰী হাজৰিকাই কয়, যে এই নতুন খেতিৰ জৰিয়তে খেতিয়কসকল দুগুণ লাভান্বিত হ’ব। তেওঁ কয়, যে কৃষকসকল নিজৰ ঘৰৰ চৌহদত থকা মাছ পোহা পুখুৰীত মাখনা খেতি কৰি কৃষকসকল স্বাবলম্বি হ’ব পাৰে।

মন্ত্ৰীগৰাকীয়ে কয়, যে অসমত বিল, খাল, নদী বহুত আছে আৰু তেনে ঠাইত পদুম ফুল সহজে হয়। সেইবোৰ তুলি আনি মাখনা প্ৰস্তুত কৰিব পাৰি। এই খেতিক বানেও মাৰিব নোৱাৰে আৰু বেছি সাৰো নালাগে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।