প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ এবছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাই আজি এবছৰ সম্পূৰ্ণ কৰিছে। সমগ্ৰ দেশৰ ১০০ খন অভিলাসী কৃষি জিলাৰ কৃষি খণ্ড সুদৃঢ় কৰাৰ উদ্দেশ্যে যোৱা বছৰৰ আজিৰ দিনটোতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল।

আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে, জিলা ভিত্তিক কৃষি আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই আঁচনিৰ জৰিয়তে ১১টা মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩৬ খন কেন্দ্ৰীয় আঁচনিক ৰাজ্য চৰকাৰৰ আঁচনিৰ সৈতে একত্ৰিত কৰা হৈছে আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে।

কেন্দ্রীয় মন্ত্রী সভা অনুমোদনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰ ১১ অক্টোবৰত এই ছবছৰীয়া উদ্যমৰ শুভাৰম্ভ কৰিছিল। এই উদ্যমৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ১০০ খন জিলাত জিলা কার্য পৰিকল্পনা সূচক আধাৰিত নিৰীক্ষণ ব্যৱস্থা কার্যকৰি কৰা হৈছে। জিলাভিত্তিক বিশেষ পদক্ষেপে তৃণমূল পর্যায়ত কৃষিখণ্ডৰ উন্নয়ণত অৰিহণা যোগাইছে।

এই আঁচনিৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধি, জলসিঞ্চনৰ সুবিধা, ঋণৰ সহজলভ্যতা আৰু খেতি চপোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

প্রধানমন্ত্রীৰ ধন ধান্য আঁচনিৰ ক্ষেত্ৰত জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৩ তৰপীয়া ৰূপায়ণ ব্যৱস্থাৰ দিহা কৰা হৈছে। স্থানীয় কৃষি আৱশ্যকতা অনুযায়ী জিলা কাৰ্য পৰিকল্পনাসমূহ যুগুত কৰা হয় আৰু ৩৬ খন কেন্দ্ৰীয় আঁচনিৰ ১২১টা সূচকৰ জৰিয়তে অগ্ৰগতিৰ পর্যবেক্ষণ কৰা হয়।