ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যৰ কৃষি ক্ষেত্ৰক আধুনিক স্বচ্ছ আৰু প্ৰযুক্তি নিৰ্ভৰ অর্থনীতি হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১ টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮১টা নিৰ্ধাৰিত কেন্দ্ৰত ২০২৬-২৭ বৰ্ষৰ বাবে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ হৈছে। এইবাৰ প্ৰতি কুইণ্টলত ২৪৪১ টকাৰ ন্যূনতম সমর্থন মূল্যত ৮.৪৯ লাখ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

ধান ক্রয়ৰ বাবে নিৰ্ধাৰিত কেন্দ্ৰ সমূহৰ ভিতৰত ১৬৯ টা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ আৰু ১২টা ভাৰতীয় খাদ্য নিগমৰ কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকসকলে আজিৰে পৰা অহা বছৰৰ ৩১ মোলৈকে ধান বিক্ৰী কৰিব পাৰিব।

ধান বিক্ৰী কৰাৰ বাবে খেতিয়কসকলে নাম পঞ্জীয়ন কৰিব লাগিব। কৃষিমন্ত্রী পীযুষ হাজৰিকাই এই চৰকাৰী কেন্দ্ৰসমূহৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বী অসম গঢ়াৰ যাত্ৰাত অংশীদাৰ হ’বলৈ পঞ্জীকৃত কৃষক সকলৰ প্ৰতি আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।