ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয়, যে অহা ৫ বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটি টকা বিনিয়োগ কৰা হব।

তেওঁ কয় যে প্রতি টোপাল পানীৰে অধিক শস্য উৎপাদনৰ দৃষ্টিভংগী অনুযায়ী পানীৰ অপচয় ৰোধ কৰা আৰু জলসিঞ্চন সামৰ্থৰ বৃদ্ধিৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হৈছে। তেওঁ কয় যে চৰকাৰে প্ৰথমে বৰাক, সোৱণশিৰি, মানাহ, বেকী, পুঠিমাৰী, জিয়াভৰলী, ধনশিৰি আৰু কপিলীকে ধৰি গুৰুত্বপূৰ্ণ নদ-নদীসমূহৰ জলপৃষ্ঠৰ পুংখানুপুংখ মূল্যায়ন কৰিব।

এই মূল্যায়নৰ ভিত্তিত কৃষিভূমিলৈ পানী যোগানৰ উদ্দেশ্যে পাম্পৰ সহায়ত চাপযুক্ত পাইপেৰে ক্ষুদ্ৰ আৰু মজলীয়া জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এনে ব্যৱস্থাত পৰম্পৰাগত পানীপথৰ তুলনাত কম ভূমিৰ প্ৰয়োজন হয়। এই উদ্যমে ৰাজ্যৰ জলসিঞ্চনৰ ব্যৱস্থা সুদৃঢ় আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে খেতিয়কৰ আয়ো বঢ়াত সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।