July 19, 2026 12:59 PM
6
ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা
ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয়, যে অহা ৫ বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটি টকা বিনিয়োগ কৰা হব। তেওঁ কয় যে প্রতি টোপাল পানীৰে অধিক শস্য উৎপাদনৰ দৃষ্টিভংগী অনুযায়ী পানীৰ অপচয় ৰোধ কৰা আৰু জলসিঞ্চন সামৰ্থৰ বৃদ্ধিৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হৈছে...