ৰাজ্যত কালিৰ দিনটোত ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে প্রকাশ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ, আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে।
এয়া কৃষি খণ্ডৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কৃষকসকলৰ উত্তৰণ আৰু অগ্ৰগতিৰ বাবে কৃষি বিভাগ সদায়ে দায়বদ্ধ।
মন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ পিংগলেশ্বৰ গাঁৱত এটা কঠিয়া ৰোপণ কার্যসূচীত অংশ লৈ কৃষি অর্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্ম কৃষি কৰ্মৰ সৈতে জড়িত হোৱা উচিত বুলি মন্তব্য কৰে।
কৃষিৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ যুৱ প্ৰজন্মক চাকৰি সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে অসমতে সংস্থাপনৰ বাট মুকলাবলৈ উৎসাহিত কৰে। এই ক্ষেত্রত কৃষি বিভাগে অহা বছৰৰ পৰা নাৰিকল, তামোল আদিৰ খেতিৰ বাবে সুবিধা প্ৰদান কৰিব বুলি প্রকাশ কৰে।