ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰীকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩ কোটি ৪৮ লাখ ৯১ হাজাৰ টকা ব্যয়েৰে এই প্ৰকল্পটো নির্মাণ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে।
ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক-যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল’ব পাৰিব। নির্মাণ সম্পূর্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে ৫ হাজাৰ কণী পৰা কুকুৰা পালন কৰিব পৰা যাব।
আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ হজৰা মীন পামো পৰিদৰ্শন কৰে।