July 12, 2026 7:36 PM

views 2

তেজপুৰৰ বাৰীকা চুবুৰীত অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰীকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩ কোটি ৪৮ লাখ ৯১ হাজাৰ টকা ব্যয়েৰে এই প্ৰকল্পটো নির্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক-যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নির...