গ্রামোন্নয়ন মন্ত্ৰ্যালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি কৰি দিছে। কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ ২৫ হাজাৰ কোটি টকাৰ সাহায্য মুকলি কৰে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায়ে প্রাধান্য দি আহিছে। এই আবণ্টনে অসমৰ গ্ৰাম্য কর্ম শক্তিক উৎসাহ দিয়াৰ লগতে গ্রাম্য পথ সংযোগ অধিক শক্তিশালী কৰি অৰ্থনৈতিক সুযোগ আৰু সর্বাত্মক বিকাশ নিশ্চিত কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে অসমবাসীৰ হৈ কেন্দ্রীয় মন্ত্রী শ্রীচৌহান আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী অতুল বৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনিয়ে অসমৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্রকাশ কৰে।
উল্লেখযোগ্য যে ভিবি জি ৰামজী আইনৰ অধীনত পৰৱৰ্তী ৫ বছৰত ২ লাখ ৮৬ হাজাৰ পঞ্চায়তত ৭ লাখ ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি কেন্দ্রীয় মন্ত্রী শ্রীচৌহানে প্রকাশ কৰিছে।