আঞ্চলিক সংবাদ

August 21, 2026 5:55 PM

views 34

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্...

August 19, 2026 8:11 PM

views 17

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভা...

August 19, 2026 7:58 PM

views 14

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সক...

August 19, 2026 7:57 PM

views 20

জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰীয়ে কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।...

August 19, 2026 7:55 PM

views 25

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিবঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার...

August 19, 2026 7:17 PM

views 20

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ ১৪ দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা ১০ আগষ্টত পাৰস্পৰিক বুজাবু...

August 19, 2026 7:15 PM

views 19

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ’ব

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কর্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৫খন জিলাত তিনিটা পৰ্যায়ত ২০২৭ বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব।...

August 19, 2026 7:13 PM

views 15

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। নির্বাচনক কেন্দ্ৰ কৰি আজি লখিমপুৰ জিলা পঞ্জীয়ক তথা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। সংবাদ মেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে জিলাখনৰ অন্তৰ্গত আঠটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। নিৰ্বাচন...

August 19, 2026 7:08 PM

views 36

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ...

August 19, 2026 8:15 PM

views 16

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰ্যালোচনা বৈঠক

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আল...