অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে।

যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, ম‍ইনাপৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে।

গোলাঘাট জিলাৰ শ্ৰীশ্ৰীআঠখেলিয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰাৰ বাবে ২০ খন শাখা সমিতি আৰু ৯০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে।

ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই-নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ পুণ্য তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম- প্রসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পবিত্র ভাদ মাহৰ নাম-প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহত ডেৰ লাখ টকাকৈ ২০ আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।