August 19, 2026 7:08 PM

views 41

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন

অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰে পৰা নাম-প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও ৩৫ খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, ম‍ইনাপৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম-প্ৰসংগৰ আয়োজন ...