আঞ্চলিক সংবাদ

September 15, 2026 11:44 AM

views 16

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ চেপ্তেম্বৰ

 শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ কালি শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কৰা হয়। ৪২ টা ৱাৰ্ডৰ ১৬২ খন মনোনয়ন পত্ৰৰ ভিতৰত ১৫১ খন মনোনয়ন পত্র বৈধ বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ চেপ্তেম্বৰ।

September 15, 2026 12:19 PM

views 34

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্রাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময...

September 15, 2026 11:54 AM

views 14

যোৰহাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ

মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি টীয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ বান পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল'ব। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান...

September 14, 2026 9:15 PM

views 19

যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন

ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্রশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত জিলা আয়ুক্তসকলৰ সন্মিলনৰ আজি দ্বিতীয়টো দিন। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলীকে ধ...

September 14, 2026 9:09 PM

views 17

লখিমপুৰৰ চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক প্রস্তুতি কৰ্মশালাত সাংসদ প্ৰদান বৰুৱাৰ অংশগ্ৰহণ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিমেন চাপৰিত অনুষ্ঠিত সেৱা সংকল্প অভিযানৰ সমষ্টি-ভিত্তিক এখন প্রস্তুতি কৰ্মশালাত অংশগ্ৰহণ কৰে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ২৫ বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া সেৱা সংকল্প অভিযানৰ ৰূপায়ণৰ বাবে আজি জোনাই বিধানসভা সমষ...

September 14, 2026 9:03 PM

views 29

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখা শিল্পই দেশ-বিদেশৰ লোকৰ মাজত বিশেষ সমাদৰ পাই আহিছে। মাজুলীৰ মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ লণ্ডনৰ লেইলা নামৰ এগৰাকী বিদেশী নৃত্য আৰু পৰিবেশ্য কলাৰ শিল্পী মাজুলীত আহি উপস্থিত হৈছে। শিল্পীগৰাকীয়ে বাঁহ, কুমাৰ মাটি আৰু অন্যান্য প্রাকৃতিক উপাদানেৰে মুখা প্ৰস্তুত কৰাৰ কাৰ্যৰ প্ৰশিক্...

September 14, 2026 9:02 PM

views 16

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যু গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্রবাসী অসমীয়া প্ৰতিম লহকৰৰ এই গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান আৰু জেৰা প্ৰক্ৰিয়া সম্পূর্ণ হয়। আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত আৰ...

September 14, 2026 8:55 PM

views 17

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পৰিবেশ গৱেষণা সংস্থা ভইচ অব এনভাইৰণমেণ্টৰ উদ্যোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰিবেশ সজাগতা সৃষ্টিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৱেষ্ট ৱাইজ, ফিউচাৰ ৱাইজ : বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু থার্মোকল ৰি-চাইক্লিং শীৰ্ষক এই কাৰ্যসূচীত শিক্ষাৰ্থীসকলক আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত কিছু শ...

September 14, 2026 5:48 PM

views 47

কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে আজি কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাসায়নিক সাৰৰ ক'লা বজাৰ বন্ধ কৰা, কৃষকক উপযুক্ত মূল্যত সাৰ প্ৰদান কৰা, প্রকৃত কৃষকক পি এম কিষাণ কার্ড প্রদান কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত কৃষকসকলে এই প্রতিবাদী কাৰ্য...

September 14, 2026 5:46 PM

views 6

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ মৃত্যু

পত্নী হত্যাৰ অভিযোগত হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰামানুজ গোস্বামী নামৰ অপৰাধীজনৰ আজি মৃত্যু হয়। পুৱতি নিশা কাহিলিপাৰাৰ পৰা নৰকাসুৰ পাহাৰহৈ গুৱাহাটী চিকিৎসালয় হাস্পাতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নি থকা অৱস্থাত অভিযুক্তজনে আকক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰাৰ ফলত গুৰুতৰভাৱে আগত হৈ মৃত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।