গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে।

কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি পদ তেওঁ অলংকৃত কৰিছিল। ১৯০৪ চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্ম গ্ৰহণ কৰা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল আদিৰ গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।