খেল

July 27, 2026 9:25 PM

views 26

কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুপন্দিৰ ৰূপৰ পদক অৰ্জন

গ্লাচগোত চলি থকা কমনৱেলথ গেমছ ২০২৬ত ভাৰোত্তোলক ৰাজা মুথুপন্দিয়ে আজি পুৰুষৰ ৬৫ কেজি শাখাত ২৮৬ কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুধুপন্দিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে।  সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, য...

July 27, 2026 11:31 AM

views 23

কমনৱেল্থ গেমছত স্বৰ্ণ বিজয়ী মীৰাবাঈ চানুক উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ অভিনন্দন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেল্থ গেমছত স্বৰ্ণ বিজয়ী মীৰাবাঈ চানুক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপ-ৰাষ্ট্ৰপতিয়ে তেওঁ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষকতাৰ প্ৰশংসা কৰে। প্রধানমন্ত্রী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত ...

July 27, 2026 10:03 AM

views 42

কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ

গ্লাছগ'ত চলি থকা কমনৱেল্থ গেমছ ২০২৬ত মীৰাবাঈ চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ ৪৮ কিলোগ্রাম শাখাত মুঠ ১৯০ কিলোগ্রাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। ৩১ বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত ৮৫ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১০৫ কিলোগ্রাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমর্থ...

July 26, 2026 10:29 AM

views 23

অনাহত সিঙৰ কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল

শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰছনা কৰিছে। অনাহতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেইয়া ছালেমক ১১-৩, ১১-৭, ১১-৯ পোনপটীয়া গেমত পৰাভূত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাছ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰ...

July 25, 2026 12:52 PM

views 31

নলবাৰীত ৪৭সংখ্যক অসম আন্তঃজিলা এথলেটিক প্রতিযোগিতা

নলবাৰীত কালিৰেপৰা ৪৭ সংখ্যক অসম আন্তঃজিলা এথলেটিক প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই অগ্নিশিখা প্রজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাই আদৰণি ভাষণ দিয়ে। অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্রীড়া সন...

July 25, 2026 12:49 PM

views 34

হাৰাৰেত আজি ভাৰত-জিম্বাব’ৱেৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত সম্প্রতি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অর্ধশতকৰ সহায়ত ১৩ অভাৰ আৰু...

July 24, 2026 7:18 PM

views 32

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ শুভেচ্ছা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে এই প্রতিযোগিতাত ভাৰতীয় এথলিটসকলে দৃঢ়তা আৰু ক্ৰীড়াসুলভ মানসিকতাৰে অৱতীৰ্ণ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ ক...

July 24, 2026 10:04 AM

views 35

ভাৰতে তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাব’বেক ৭ উইকেটত পৰাস্ত কৰে

ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাব'ৱেক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূর্যবংশীৰ ১৯টা বলত কৰা আকর্ষণীয় অর্ধশতকৰ সহায়ত ১৩ অভাৰ আৰু দুটা বলত অনায়াসে ১২৬ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাব'বেই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰি...

July 23, 2026 9:56 PM

views 20

গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত অসম কন্যা লাভলীনা বৰগোঁহাইৰ

অসম কন্যা লাভলীনা বৰগোঁহায়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি ৭৫ কিলোগ্রাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে।  লাভলীনা অহা ৩১ জুলাইত ছেমি ফাইনেলত টুভালুৰ টুভালাৰ তাৰণ তাফাকিৰ বিৰুদ্...

July 23, 2026 12:20 PM

views 13

ভাৰতৰ পি ভি সিন্ধু, আয়ুষ ছেটী আৰু লক্ষ্য সেনে চাইনা অ’পেন বেডমিন্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু, আয়ুষ ছেটী আৰু লক্ষ্য সেনে চাইনা অ'পেন বেডমিন্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। দেশৰ হৈ অলিম্পিকত দুবাৰকৈ পদক অর্জন কৰা পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছত সতীর্থ খেলুৱৈ উন্নতি হুদাক ২১-১৪, ৯-২১, ২১-১০ৰ ফলাফলত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেটায়ে ইণ্ডোনেছিয়াৰ আল্বি ফাৰহা...