September 27, 2026 12:18 PM | Asian games 2026

printer

এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে ৪ টা সোণ, ১২ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জসহ মুঠ ৩০ টা পদক অর্জন

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমিফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক ২৩৫-২৩২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক ২৩৩-২৩০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ইপিনে, পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ’ব। নাগয়া কিঞ্জোত হ’বলগীয়া ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এথলেটিকছত তেজস্কিন শংকৰে পুৰুষৰ ডেকাথলনৰ অন্তিম দিনত সোণৰ পদক জয়ৰ চেষ্টা চলাব।

মহিলাৰ লং জাম্পত আনছি ছোজান আৰু ছেইলি সিঙৰ লগতে মহিলাৰ ৩ হাজাৰ মিটাৰ স্টেপলছেজত পাৰুল চৌধুৰীয়ে শীর্ষ স্থান দখলৰ প্ৰয়াস কৰিব। অনিমেশ কুজুৰে পুৰুষৰ ২০০ মিটাৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ লগতে সৰ্বেছ কুছাৰে পুৰুষৰ হাইজাম্পৰ ফাইনেলত অৱতীৰ্ণ হ’ব।