জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত মহিলা দলে নেপালক ৪৮-২৪ পইণ্টৰ ব্যৱধানত আৰু পুৰুষ দলে থাইলেণ্ডক ৬৬-২৮ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে ।
ইপিনে, মহিলাৰ শটপুটত আজি মনপ্রীত কৌৰে ব্ৰঞ্জৰ পদক জয় কৰে। এই জয়ৰ সুবাদত মনপ্রীত এছিয়াড শ্বটপুট পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। প্রতিযোগিতাত আজি পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত গুলবীৰ সিঙে ৰূপৰ পদক জয় কৰে। মহিলাৰ প’ল ভল্টত বাৰানিকা ইলাংগোৱানে ব্ৰঞ্জৰ পদক জয় কৰি এছিয়ান গেমছৰ এই শিতানত দেশৰ হৈ প্ৰথম পদক জয় কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।
ইপিনে প্রতিযোগিতাত ভাৰতৰ স্কোৱাচ খেলুৱৈসকলে তিনিটা পদক নিশ্চিত কৰিছে। জ্যোৎস্না চিনাপ্পা আৰু ৱেলাভান ছেন্থিল কুমাৰে মিক্সড ডাবল্ছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অনাহত সিং আৰু অভয় সিঙে স্কোৱাছৰ ছিংগছৰ অন্তিম চাৰিত প্ৰৱেশ কৰিছে।
মিক্সড টীম ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ কমলজিৎ আৰু সুৰুচি সিঙৰ যুটীয়ে স্বর্ণ পদক অৰ্জন কৰিছে ।